Posts

Showing posts from March, 2024

মহ মানুহৰ চিৰশত্ৰু

Image
মহ এটি ক্ষুদ্ৰ প্ৰাণী যদিও প্ৰাণীকুলৰ মাজত মহেই হৈছে মানুহৰ প্ৰধান শত্ৰু। এই মহৰ বাবেই বিশ্বব্যাপী বছৰি প্ৰায় চাৰে সাত লাখ মানুহে মৃত্যু বৰণ কৰিব লগীয়া হয়। 

অংকৰ যাদু

Image
১,১১,১১১ ক একেটা সংখ্যাৰে পূৰণ কৰিলে এটা আমোদজনক সংখ্যা পোৱা যায়। সংখ্যাটো হ'ল ১২৩৪৫৬৫৪৩২১ । 

ক্ষুদ্ৰতম প্ৰজাতিৰ বান্দৰবোৰ কিমান ক্ষুদ্ৰ?

Image
পিগমি মাৰ্মোচেট হৈছে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ প্ৰজাতিৰ বান্দৰ। এই প্ৰজাতিৰ বান্দৰবোৰ সৰ্বোচ্চ ৬ ইঞ্চি লৈকে ওখ হয় আৰু ইহঁতৰ সৰ্বাধিক ওজন ১৪০ গ্ৰাম। অৰ্থাত সচৰাচৰ ঘৰত দেখা পোৱা চিকা এটাৰ দৰেই ইহঁতৰ ওজন আৰু আকাৰ।

চৰাইবোৰ বেলেগ ধৰণৰ

Image
প্ৰচণ্ড গৰমৰ ফলত শৰীৰৰ ভিতৰত সৃষ্টি হোৱা বাষ্প বাহিৰলৈ ওলাই যাবলৈ মানুহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ ঘৰ্মগ্ৰন্থি থাকে। এই ঘৰ্মগ্ৰন্থিবোৰৰ মাজেৰে ঘাম ওলাই গৈ শৰীৰ শীতল হয়। কিন্ত মানুহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ দৰে চৰাইৰ ঘৰ্মগ্ৰন্থি নাথাকে। ইহঁতে ডেউকা কোবাই উৰি অথবা মুখ মেলি উশাহ লৈ শৰীৰ শীতল কৰে।

আপেলৰ গুটিবোৰ মাৰাত্মক

Image
আপেল হৈছে এটি সুস্বাদু ফল। প্ৰায় সকলো মানুহেই আপেল খাই ভাল পায়। কিন্তু আপুনি জানেনে, ইয়াৰ ভিতৰত থকা গুটিবোৰ হৈছে অত্যন্ত বিষাক্ত। ভুলবশতঃ দুই এটা গুটি খাই পেলালে চিন্তাৰ কাৰণ নাথাকে যদিও বেছি পৰিমাণে আপেলৰ গুটি খালে ই শৰীৰত মাৰাত্মক বিষক্ৰিয়াৰ সৃষ্টি কৰে। 

এটোপাল পানীত কিমান কণিকা থাকে?

Image
আপুনি জানেনে, এটোপাল পানীত কিমান কণিকা থাকে? শুনিলে আচৰিত হ'ব যে এটোপাল পানীত একশ বিলিয়ন বিলিয়ন কণিকা থাকে। অৰ্থাৎ এই সংখ্যাটো গণনা কৰিবলৈ আপুনি একৰ পিছত বিশটা শূন্য বহাব লাগিব।

আপোনাৰ উচ্চতা বাঢ়ি যাব!

Image
আপোনাৰ শৰীৰৰ উচ্চতা কম নেকি? চিন্তা নকৰিব। আপুনি যদি কিছুদিন মহাকাশত গৈ থাকিব পাৰে তেন্তে আপোনাৰ উচ্চতা ২ ইঞ্চি পৰ্যন্ত বৃদ্ধি হ'ব পাৰে। কাৰণ মহাকাশত মাধ্যাকৰ্ষণ শক্তিৰ অনুপস্থিতিত মেৰুদণ্ডৰ কাৰ্টিলেজ ডিস্কবোৰ প্ৰসাৰিত হয়। আৰু সেই কাৰণেই মহাকাশচাৰী সকল মহাকাশৰ পৰা উভতি আহিলে ২ ইঞ্চি পৰ্যন্ত ওখ হয়।