Posts

পেণ্ট খুলি প্ৰতিবাদ কৰিলে পুলিচ সকলে

সম্প্ৰতি জাৰ্মানীৰ দক্ষিণাঞ্চলীয় ৰাজ্য বাভাৰীয়াত আৰক্ষী সকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ নিজৰ পেণ্ট খুলি পেলায় আৰু এই দৃশ্য ভিডিঅ কৰি সামাজিক মাধ্যমত শেয়াৰ কৰি দিয়ে। এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে এই কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যে তেওঁলোকে নিজৰ ইউনিফৰ্মৰ বাবে কিমান দীর্ঘ সময় অপেক্ষা কৰিব লগীয়া হয়।  ৰাজ্যখনৰ আৰক্ষী সন্থাই প্ৰকাশ কৰা মতে তেওঁলোকে ইউনিফৰ্ম হিচাপে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী যেনে - টুপী, জ্যাকেট, প্যাণ্ট আদি লাভ কৰিবৰ বাবে কেইবা মাহলৈকে অপেক্ষা কৰিব লগীয়া হয়। সংগঠনটোৱে চৰকাৰৰ প্ৰতি দাবী জনায় যে প্ৰয়োজনত অলপ বেছি খৰচ হলেও চৰকাৰে যাতে এই সমস্যাটোৰ শীঘ্ৰে সমাধান কৰে।  পুলিচ সকলৰ এই প্ৰতিবাদৰ পিছত চৰকাৰৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰা হয়। এক বিবৃতিত চৰকাৰে জনায় যে যোগান শৃংখলত কিছু ব্যাঘাত জন্মাৰ বাবে পুলিচ কৰ্মী সকলক ইউনিফৰ্ম প্ৰদান কৰাত কিছু বিলম্ব হৈ আছে আৰু চৰকাৰে অতি সোনকালেই এই সমস্যাৰ সমাধান কৰিব। 

মহ মানুহৰ চিৰশত্ৰু

Image
মহ এটি ক্ষুদ্ৰ প্ৰাণী যদিও প্ৰাণীকুলৰ মাজত মহেই হৈছে মানুহৰ প্ৰধান শত্ৰু। এই মহৰ বাবেই বিশ্বব্যাপী বছৰি প্ৰায় চাৰে সাত লাখ মানুহে মৃত্যু বৰণ কৰিব লগীয়া হয়। 

অংকৰ যাদু

Image
১,১১,১১১ ক একেটা সংখ্যাৰে পূৰণ কৰিলে এটা আমোদজনক সংখ্যা পোৱা যায়। সংখ্যাটো হ'ল ১২৩৪৫৬৫৪৩২১ । 

ক্ষুদ্ৰতম প্ৰজাতিৰ বান্দৰবোৰ কিমান ক্ষুদ্ৰ?

Image
পিগমি মাৰ্মোচেট হৈছে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ প্ৰজাতিৰ বান্দৰ। এই প্ৰজাতিৰ বান্দৰবোৰ সৰ্বোচ্চ ৬ ইঞ্চি লৈকে ওখ হয় আৰু ইহঁতৰ সৰ্বাধিক ওজন ১৪০ গ্ৰাম। অৰ্থাত সচৰাচৰ ঘৰত দেখা পোৱা চিকা এটাৰ দৰেই ইহঁতৰ ওজন আৰু আকাৰ।

চৰাইবোৰ বেলেগ ধৰণৰ

Image
প্ৰচণ্ড গৰমৰ ফলত শৰীৰৰ ভিতৰত সৃষ্টি হোৱা বাষ্প বাহিৰলৈ ওলাই যাবলৈ মানুহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ ঘৰ্মগ্ৰন্থি থাকে। এই ঘৰ্মগ্ৰন্থিবোৰৰ মাজেৰে ঘাম ওলাই গৈ শৰীৰ শীতল হয়। কিন্ত মানুহ আৰু অন্যান্য স্তন্যপায়ী প্ৰাণীৰ দৰে চৰাইৰ ঘৰ্মগ্ৰন্থি নাথাকে। ইহঁতে ডেউকা কোবাই উৰি অথবা মুখ মেলি উশাহ লৈ শৰীৰ শীতল কৰে।

আপেলৰ গুটিবোৰ মাৰাত্মক

Image
আপেল হৈছে এটি সুস্বাদু ফল। প্ৰায় সকলো মানুহেই আপেল খাই ভাল পায়। কিন্তু আপুনি জানেনে, ইয়াৰ ভিতৰত থকা গুটিবোৰ হৈছে অত্যন্ত বিষাক্ত। ভুলবশতঃ দুই এটা গুটি খাই পেলালে চিন্তাৰ কাৰণ নাথাকে যদিও বেছি পৰিমাণে আপেলৰ গুটি খালে ই শৰীৰত মাৰাত্মক বিষক্ৰিয়াৰ সৃষ্টি কৰে। 

এটোপাল পানীত কিমান কণিকা থাকে?

Image
আপুনি জানেনে, এটোপাল পানীত কিমান কণিকা থাকে? শুনিলে আচৰিত হ'ব যে এটোপাল পানীত একশ বিলিয়ন বিলিয়ন কণিকা থাকে। অৰ্থাৎ এই সংখ্যাটো গণনা কৰিবলৈ আপুনি একৰ পিছত বিশটা শূন্য বহাব লাগিব।