পেণ্ট খুলি প্ৰতিবাদ কৰিলে পুলিচ সকলে
সম্প্ৰতি জাৰ্মানীৰ দক্ষিণাঞ্চলীয় ৰাজ্য বাভাৰীয়াত আৰক্ষী সকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ নিজৰ পেণ্ট খুলি পেলায় আৰু এই দৃশ্য ভিডিঅ কৰি সামাজিক মাধ্যমত শেয়াৰ কৰি দিয়ে। এই প্ৰতিবাদৰ জৰিয়তে তেওঁলোকে এই কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যে তেওঁলোকে নিজৰ ইউনিফৰ্মৰ বাবে কিমান দীর্ঘ সময় অপেক্ষা কৰিব লগীয়া হয়।
ৰাজ্যখনৰ আৰক্ষী সন্থাই প্ৰকাশ কৰা মতে তেওঁলোকে ইউনিফৰ্ম হিচাপে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী যেনে - টুপী, জ্যাকেট, প্যাণ্ট আদি লাভ কৰিবৰ বাবে কেইবা মাহলৈকে অপেক্ষা কৰিব লগীয়া হয়। সংগঠনটোৱে চৰকাৰৰ প্ৰতি দাবী জনায় যে প্ৰয়োজনত অলপ বেছি খৰচ হলেও চৰকাৰে যাতে এই সমস্যাটোৰ শীঘ্ৰে সমাধান কৰে।
পুলিচ সকলৰ এই প্ৰতিবাদৰ পিছত চৰকাৰৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰা হয়। এক বিবৃতিত চৰকাৰে জনায় যে যোগান শৃংখলত কিছু ব্যাঘাত জন্মাৰ বাবে পুলিচ কৰ্মী সকলক ইউনিফৰ্ম প্ৰদান কৰাত কিছু বিলম্ব হৈ আছে আৰু চৰকাৰে অতি সোনকালেই এই সমস্যাৰ সমাধান কৰিব।
Comments
Post a Comment