কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

          আঞ্চলিক পঞ্চায়ত হৈছে তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ মধ্যৱৰ্তী স্থানত থকা গোট। একো একোটা উন্নয়ন খণ্ডক লৈ একো একোখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয়। এখন আঞ্চলিক পঞ্চায়তৰ অধীনত বহু কেইখন গাওঁ পঞ্চায়ত থাকে। দেশৰ 73 তম সংবিধান সংশোধনী অনুযায়ী 1994 চনত গ্ৰহণ কৰা 'অসম পঞ্চায়ত আইন'ত আঞ্চলিক পঞ্চায়ত গঠনৰ বিধি সন্নিবিষ্ট কৰা হৈছে। 

          এখন আঞ্চলিক পঞ্চায়ত মূলতঃ তিনি প্ৰকাৰৰ সদস্যৰে গঠন কৰা হয়। 
          প্ৰথমতে, আঞ্চলিক পঞ্চায়তৰ অধীনত থকা প্ৰতিটো গাওঁ পঞ্চায়তক একো একোটা সমষ্টি হিচাপে ধৰি লোৱা হয়। সেই অনুসৰি ভোটাৰ সকলে প্ৰতিটো গাওঁ পঞ্চায়তৰ পৰা এগৰাকী ব্যক্তিক আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰে। 
          দ্বিতীয়তে, আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাওঁ পঞ্চায়তবোৰৰ সভাপতি সকল আঞ্চলিক পঞ্চায়তৰ সদস্য হয়। 
          তৃতীয়তে, আঞ্চলিক পঞ্চায়ত এলেকাক প্ৰতিনিধিত্ব কৰা লোকসভা আৰু বিধান সভাৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্য হয়। 
          আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত বিভিন্ন বৰ্গৰ প্ৰাৰ্থীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। সেই অনুসৰি অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকৰ বাবে তেওঁলোকৰ জনসংখ্যাৰ অনুপাতত আসন সংৰক্ষণ কৰা হয়। আনহাতে মহিলা সকলৰ বাবে প্ৰতিটো শ্ৰেণীৰ (সাধাৰণ আৰু অনুসূচীত জাতি বা অনুসূচীত জনজাতি) মাজৰ পৰা এক তৃতীয়াংশ আসন সংৰক্ষণ কৰা হয়। 
          আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল প্রকাশ পোৱাৰ পিছত জিলাৰ উপায়ুক্ত বা উপায়ুক্তই কৰ্তৃত্ব প্ৰদান কৰা প্ৰথম শ্ৰেণীৰ চৰকাৰী বিষয়াই এখন সভা আহ্বান কৰে। এই সভাতেই প্ৰত্যক্ষভাবে নিৰ্বাচিত হোৱা সদস্য সকলৰ মাজৰ পৰা এজনক সভাপতি আৰু এজনক উপ সভাপতি হিচাপে নিৰ্বাচন কৰা হয়। 

Comments

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি