কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

"অসম পঞ্চায়ত আইন 1994" অনুযায়ী জিলা পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছে। জিলা পৰিষদ হৈছে তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাৰ সৰ্বোচ্চ স্তৰত থকা গোট। একো একোখন জিলাক সামৰি লৈ একো একোটা জিলা পৰিষদ গঠন কৰা হয়। 1994 চনৰ আগত এই গোটবোৰ একো একোখন মহকুমাক ভিত্তি কৰি গঠন কৰা হৈছিল।

          বিভিন্ন প্ৰকাৰৰ সদস্যৰে একোখন জিলা পৰিষদ গঠন কৰা হয়। এই সদস্য সকলৰ মাজত প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে নিৰ্বাচিত সদস্য থকাৰ উপৰিও মনোনীত সদস্যও থাকিব পাৰে। তলত উল্লেখ কৰা ধৰণে জিলা পৰিষদ গঠন কৰা হয়।
          1. একোখন জিলাক কিছুমান সমষ্টিত ভাগ কৰা হয়। এই সমষ্টিবোৰৰ ভোটাৰৰ সংখ্যা হব লাগে কমেও চল্লিছ হাজাৰ জনকৈ। এই সমষ্টিবোৰৰ পৰা ৰাইজে এজনকৈ প্ৰতিনিধি প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰে। 
          2. জিলাখনৰ ভিতৰত থকা আঞ্চলিক পঞ্চায়তবোৰৰ সভাপতিসকল জিলা পৰিষদৰ সদস্য হয়। 
          3. গোটেই জিলা বা ইয়াৰ কোনো অংশক প্ৰতিনিধিত্ব কৰা লোকসভা আৰু ৰাজ্যিক বিধান সভাৰ সদস্য সকল জিলা পৰিষদৰ সদস্য হয়। 
          উল্লেখনীয় যে জিলা পৰিষদৰ ক্ষেত্ৰতো স্পষ্টভাৱে সংৰক্ষণৰ নীতি মানি চলা হয়। জিলা পৰিষদৰ অন্তৰ্গত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকৰ কাৰণে তেওঁলোকৰ জনসংখ্যাৰ অনুপাতত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। ইয়াৰোপৰি মহিলা সকলৰ বাবে প্ৰতিটো শ্ৰেণীৰ (সাধাৰণ আৰু অনুসূচীত জাতি বা অনুসূচীত জনজাতি) মাজৰ পৰা এক তৃতীয়াংশ আসন সংৰক্ষণ কৰা হয়। কোনো কাৰণত যদি সাধাৰণ শ্ৰেণী অথবা অনুসূচীত জাতি বা অনুসূচীত জনজাতিৰ মাজৰ পৰা কোনো মহিলা প্ৰতিনিধি জিলা পৰিষদলৈ নিৰ্বাচিত হৈ নাহে তেন্তে চৰকাৰে এই শ্ৰেণীসমূহৰ মাজৰ পৰা এগৰাকীকৈ মহিলাক মনোনীত কৰিব পাৰে। 

Comments

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি