পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ

          2018 চনৰ পঞ্চায়ত নিৰ্বাচনখন অসমৰ নিৰ্বাচনী ইতিহাসত এক মাইলৰ খুটি হিচাপে চিহ্নিত হৈ ৰ'ব। এইবাৰৰ নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী সকলৰ কাৰণে কিছুমান যোগ্যতা আৰু অৰ্হতা নিৰ্ধাৰণ কৰি দিয়া হৈছে। অসম বিধান সভাত গৃহীত হোৱা সংশোধিত পঞ্চায়ত আইনত এই যোগ্যতা আৰু অৰ্হতা সমূহ সন্নিবিষ্ট কৰা হৈছে। কোনো এগৰাকী প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ হলে এই নতুনকৈ প্ৰৱৰ্তন কৰা মাপকাঠিত উত্তীৰ্ণ হব লাগিব।

          এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ হলে বিভিন্ন পদৰ প্ৰাৰ্থীৰ বিভিন্ন স্তৰৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হব। সেই অনুসৰি গাওঁ পঞ্চায়তৰ সদস্য এগৰাকী কমেও ষষ্ঠ শ্ৰেণীত উত্তীৰ্ণ হোৱা হব লাগিব। আনহাতে যদি তেওঁ অনুসূচীত জাতি বা অনুসূচীত জনজাতি অথবা অন্যান্য পিছপৰা শ্ৰেণী বা অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী হয় তেনেহলে তেওঁৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহব।
          তেনেদৰে গাওঁ পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য এগৰাকী কমেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হব লাগিব। আনহাতে অনুসূচীত জাতি বা অনুসূচীত জনজাতি অথবা অন্যান্য পিছপৰা শ্ৰেণী বা অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী এগৰাকী অষ্টম শ্ৰেণীত উত্তীৰ্ণ হোৱা হলেই হব।
          একেদৰে জিলা পৰিষদৰ সদস্য পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী এগৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হব লাগিব। আনহাতে সাধাৰণ শ্ৰেণীৰ বাহিৰৰ প্ৰাৰ্থী এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হলেই হব।
          ইয়াৰোপৰি এই সংশোধিত আইন মতে প্ৰাৰ্থী এগৰাকীৰ সন্তানৰ সংখ্যা দুটাৰ অধিক হব নোৱাৰিব। অৱশ্যে এই নিয়মটো 2018 চনৰ 19 মাৰ্চ তাৰিখৰ পৰাহে ধর্তব্য হব। ইয়াৰোপৰি প্ৰাৰ্থী এগৰাকীৰ ঘৰত অনাময় শৌচাগাৰ থকাটো বাধ্যতামূলক হব।

Comments

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি