নিৰ্বাচনী প্ৰচাৰত অভিনৱ কৌশল
সম্প্ৰতি দেশৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ আছে। এই নিৰ্বাচনত বিভিন্ন দলৰ প্ৰাৰ্থীয়ে বিভিন্ন ধৰণেৰে ভোটাৰ সকলৰ মন জয় কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু তেলেংগনাৰ এজন নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰৰ ধৰণে কেইদিনমান ধৰি সামাজিক মাধ্যমত ব্যপক আলোচনাৰ সৃষ্টি কৰিছে। তেলেংগনাৰ কোৰাটলা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা এই প্ৰাৰ্থী গৰাকীৰ নাম হ'ল অকোলা হনুমন্ত। হনুমন্তই নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ভোটাৰ সকলৰ ঘৰলৈ গৈ বিভিন্ন ধৰণৰ উন্নয়ন মূলক কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ পিছত তেওঁ ভোটাৰ সকলৰ পৰা ভোট বিচাৰি এটাকৈ চেন্ডেল প্ৰদান কৰে আৰু কয় যে যদি তেওঁ নিৰ্বাচনত জিকাৰ পিছত প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে তেনেহলে তেওঁলোকে যাতে তেওঁক এই চেন্ডেলৰ দ্বাৰাই প্ৰহাৰ কৰে, কাৰণ সেয়া তেওঁলোকৰ অধিকাৰ।
তেও প্ৰতিদ্বন্দিতা কৰা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াইছে শাসকীয় দল টি আৰ এছৰ শক্তিশালী প্ৰাৰ্থী কে বিদ্যাসাগৰ ৰাৱে। ৰাওক মোকাবিলা কৰিবলৈ তেওঁৰ এনে ধৰণৰ কৌশলে কেনেকুৱা ফল প্ৰদান কৰিব সেয়া সময়েহে কব। কিন্তু তেওঁৰ এনে ধৰণৰ প্ৰচাৰ কাৰ্য্যৰ ফলত জনমানসত ব্যপক চৰ্চাৰ সৃষ্টি হৈছে। নিৰ্বাচনৰ সময়ত এনেদৰে প্ৰচাৰ চলোৱাটো কিমান যুক্তিপূৰ্ণ বা শিষ্টাচাৰ পূৰ্ণ সেয়াও এক আলোচনাৰ বিষয় হৈ পৰিছে। সি যিয়েই নহওঁক কিয়, প্ৰতাৰণাৰে পূৰ্ণ ভাৰতবৰ্ষৰ নিৰ্বাচন ব্যৱস্থাটোত জনপ্ৰতিনিধি এগৰাকী যে সচাকৈয়ে এনেকুৱা শাস্তি পোৱাৰেই যোগ্য সেই কথা সকলোৱে একেমুখে স্বীকাৰ কৰিবলৈ বাধ্য।
Comments
Post a Comment