আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত পাৰ্থক্য

          আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত পাৰ্থক্য কি এই বিষয়ে আমাৰ মাজৰ বহুতৰেই সুস্পষ্ট ধাৰণা নাই। আমি বহুতেই আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক একে অৰ্থত ব্যৱহাৰ কৰোঁ। এই দুয়োটা শব্দৰ দ্বাৰাই আমি সাধাৰণতে এখন ৰাষ্ট্ৰক বুজি থাকোঁ। অথচ এই দুই শব্দৰ মাজত আছে আকাশ পাতাল প্ৰভেদ। 
          আমেৰিকা হল এক বিশাল অঞ্চলৰ নাম। পৃথিৱীৰ পশ্চিম গোলাৰ্ধত এই অঞ্চল অৱস্থিত। উত্তৰা-দক্ষিণাকৈ এই অঞ্চলৰ দৈৰ্ঘ্য চৈধ্য হাজাৰ কিলোমিটাৰ। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে এই অঞ্চলত অৱস্থিত এখন দেশৰ নাম।
          আমেৰিকা অঞ্চলটো গঠিত হয় দুই খন মহাদেশক সামৰি। এই মহাদেশ দুখন হল- উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে উত্তৰ আমেৰিকা মহাদেশৰ অন্তৰ্গত পঞ্চাছখন অংগৰাজ্যৰে গঠিত এখন ৰাষ্ট্ৰ।
          আমেৰিকাৰ আয়তন হৈছে 420.6 লাখ বৰ্গ কিলোমিটাৰ যি পৃথিৱীৰ মূঠ মাটিকালিৰ 28.4 শতাংশ আৰু ইয়াৰ জনসংখ্যা হৈছে প্ৰায় এশ কোটি। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়তন হৈছে 98.3 লাখ বৰ্গ কিলোমিটাৰ যি পৃথিৱীৰ মূঠ মাটিকালিৰ 6.6 শতাংশ আৰু ইয়াৰ জনসংখ্যা প্ৰায় বত্ৰিছ কোটি।
          উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক বুজাবলৈ আমেৰিকা শব্দ ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি এই অঞ্চলটো ‍"নিউ ৱৰ্ল্ড" বা "নতুন বিশ্ব" নামেৰেও পৰিচিত। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰক বুজাবলৈ যুক্তৰাষ্ট্ৰ আৰু আমেৰিকা দুয়োটা শব্দই ব্যৱহাৰ কৰা হয়।
          আমেৰিকাত ভালেমান দৰিদ্ৰ ৰাষ্ট্ৰ আছে। এইবোৰ হল লেটিন আমেৰিকাৰ দেশ। এই দেশবোৰ বিষেশকৈ দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে পৃথিৱীৰ বৃহত্তম অৰ্থনীতি।

Comments

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি