সংক্ষেপে পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল
সম্প্রতি দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধান সভা নিৰ্বাচনৰ ফলাফল খন এঘাৰ ডিচেম্বৰ তাৰিখে প্ৰকাশ কৰা হয়। এই নিৰ্বাচনক প্ৰতিটো দলেই আগন্তক লোকসভা নিৰ্বাচনৰ বাবে ছেমি ফাইনেল হিচাপে গণ্য কৰিছিল। বিশেষকৈ দেশৰ মূল দুটি ৰাষ্ট্ৰীয় দল - বিজেপি আৰু কংগ্ৰেছ উভয়েই ক্ষমতা লাভৰ বাবে সৰ্ব শক্তিৰে চেষ্টা চলাইছিল। কিন্তু নিৰ্বাচনৰ পিছত প্ৰকাশ পোৱা ফলাফলে বিজেপিৰ আশাত চেঁচা পানী ঢালি দিয়ে আৰু অস্তমিত হবলৈ ধৰা কংগ্ৰেছৰ মুখত হাঁহিৰ আভা বিৰিঙাই তোলে। এই নিৰ্বাচনত পাঁচখন ৰাজ্যৰ ভিতৰত কংগ্ৰেছে তিনিখন ৰাজ্যত ক্ষমতা দখল কৰিবলৈ সক্ষম হয়। আনহাতে বাকী দুখন ৰাজ্য দখল কৰে দুটা আঞ্চলিক দলে। এই নিৰ্বাচনত কোন ৰাজ্যত কোন দলে কিমান আসন লাভ কৰিলে তাৰ তথ্য এনে ধৰণৰ -
মধ্য প্রদেশ:
মুঠ আসন = 230
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 116
কংগ্রেছ = 114
বিজেপি = 109
বিএছপি = 2
এছপি = 1
নিৰ্দলীয় = 4
মুঠ আসন = 230
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 116
কংগ্রেছ = 114
বিজেপি = 109
বিএছপি = 2
এছপি = 1
নিৰ্দলীয় = 4
ৰাজস্থান:
মুঠ আসন = 199
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 100
(আচলতে ৰাজস্থান বিধান সভাৰ মুঠ আসন 200 খন। কিন্তু নিৰ্বাচনৰ সময়ত এজন প্ৰাৰ্থীৰ মৃত্যু ঘটাত সেই আসনত নিৰ্বাচন স্থগিত ৰখা হয় )
কংগ্ৰেছ = 99
বিজেপি = 73
বিএছপি = 6
আৰএলপি = 3
চিপিআইএম = 2
বিটিপি = 2
আৰএলডি = 1
নিৰ্দলীয় = 13
মুঠ আসন = 199
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 100
(আচলতে ৰাজস্থান বিধান সভাৰ মুঠ আসন 200 খন। কিন্তু নিৰ্বাচনৰ সময়ত এজন প্ৰাৰ্থীৰ মৃত্যু ঘটাত সেই আসনত নিৰ্বাচন স্থগিত ৰখা হয় )
কংগ্ৰেছ = 99
বিজেপি = 73
বিএছপি = 6
আৰএলপি = 3
চিপিআইএম = 2
বিটিপি = 2
আৰএলডি = 1
নিৰ্দলীয় = 13
ছত্তীছগঢ়:
মুঠ আসন = 90
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 46
কংগ্রেছ = 68
বিজেপি = 15
জেছিছি = 5
বিএছপি = 2
মুঠ আসন = 90
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 46
কংগ্রেছ = 68
বিজেপি = 15
জেছিছি = 5
বিএছপি = 2
তেলেংগানা:
মুঠ আসন = 119
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 60
টিআৰএছ = 88
কংগ্ৰেছ = 19
এআইএমআইএম = 7
টিডিপি = 2
এআইএফবি = 1
বিজেপি = 1
নিৰ্দলীয় = 1
মুঠ আসন = 119
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 60
টিআৰএছ = 88
কংগ্ৰেছ = 19
এআইএমআইএম = 7
টিডিপি = 2
এআইএফবি = 1
বিজেপি = 1
নিৰ্দলীয় = 1
মিজোৰাম:
মুঠ আসন = 40
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 21
এমএনএফ = 26
কংগ্রেছ = 5
বিজেপি = 1
নিৰ্দলীয় = 8
মুঠ আসন = 40
সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 21
এমএনএফ = 26
কংগ্রেছ = 5
বিজেপি = 1
নিৰ্দলীয় = 8
উল্লেখযোগ্য যে কংগ্ৰেছে দখল কৰা তিনিওখন ৰাজ্য বিজেপিৰ শাসনত আছিল। ইয়াৰে মধ্য প্ৰদেশ আৰু ছত্তীছগঢ়ত বিজেপিয়ে দীৰ্ঘ পোন্ধৰ বছৰ ধৰি শাসন চলাই আছিল আৰু ৰাজস্থানত বিজেপিৰ শাসন আছিল পাঁচ বছৰীয়া। আনহাতে মিজোৰামত মিজো নেচনেল ফ্ৰন্টে দহ বছৰীয়া কংগ্ৰেছী শাসন ওফৰাই ক্ষমতা দখল কৰাৰ বিপৰীতে তেলেংগনাত তেলেংগনা ৰাষ্ট্ৰ সমিতিয়ে নিজৰ শাসন অক্ষুন্ন ৰাখি দ্বিতীয় বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হয়।
Comments
Post a Comment