কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?
গাওঁ পঞ্চায়তবোৰ হৈছে ভাৰতবৰ্ষৰ প্ৰতিনিধিত্বমূলক ৰাজনৈতিক ব্যৱস্থাৰ সকলোতকৈ ক্ষুদ্ৰতম আৰু তৃণমূল পৰ্যায়ৰ গোট। ইয়াৰ জৰিয়তে সমাজৰ অতি সাধাৰণ শ্ৰেণীৰ লোকসকলেও চৰকাৰৰ কাম কাজৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হব পাৰে। লগতে তেওঁলোকে নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে অনায়াসে সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে।
গাওঁ পঞ্চায়ত এখন গঠন কৰা হয় একোখন বৃহৎ গাওঁ নাইবা ওচৰা উচৰিকৈ থকা একাধিক সৰু গাঁওক সামৰি লৈ। গাওঁ পঞ্চায়ত গঠন কৰোঁতে লক্ষ্য ৰাখিব লাগে যাতে ইয়াৰ জনসংখ্যা ছয় হাজাৰতকৈ কম বা দহ হাজাৰতকৈ অধিক নহয়। এনেদৰে নিৰ্ধাৰণ কৰা অঞ্চল এখনক দহটা সমষ্টিত ভাগ কৰা হয়। এই সমষ্টিবোৰক ৱাৰ্ড বুলি জনা যায়।
গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰতিখন ৱাৰ্ডৰ ভোটাৰ সকলে নিজ নিজ ৱাৰ্ডৰ পৰা এগৰাকীকৈ সদস্য নিৰ্বাচিত কৰে। ইয়াৰোপৰি পঞ্চায়তৰ সভাপতি গৰাকীকো তেওঁলোকে প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰে। আনহাতে পঞ্চায়তৰ এগৰাকী উপ সভাপতি থাকে, যি জনক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়। পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ পিছত জিলাৰ উপায়ুক্ত বা উপায়ুক্তই দায়িত্ব দিয়া চৰকাৰী বিষয়াই পঞ্চায়তৰ এখন সভা আহ্বান কৰে। এই সভাতেই সদস্য সকলে তেওঁলোকৰ মাজৰ পৰা এজনক উপ সভাপতি হিচাপে নিৰ্বাচিত কৰে।
গাওঁ পঞ্চায়তত বিভিন্ন বৰ্গৰ প্ৰাৰ্থীৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। সেই অনুসৰি গাওঁ পঞ্চায়ত এলেকাত থকা অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকৰ বাবে তেওঁলোকৰ জনসংখ্যাৰ অনুপাতত আসন সংৰক্ষণ কৰা হয়। ইয়াৰোপৰি মহিলা সকলৰ বাবে প্ৰতিটো শ্ৰেণীৰ (সাধাৰণ আৰু অনুসূচীত জাতি বা অনুসূচীত জনজাতি) মাজৰ পৰা এক তৃতীয়াংশ আসন সংৰক্ষণ কৰা হয়।
This comment has been removed by the author.
ReplyDeleteThank you
Delete