পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি
73 তম সংবিধান সংশোধনীৰ জৰিয়তে গোটেই ভাৰতবৰ্ষতে এককধৰ্মী পঞ্চায়ত ব্যৱস্থাৰ প্ৰচলন কৰা হয়। সেই অনুসৰি এই স্থানীয় চৰকাৰ ব্যৱস্থাটো তিনিটা খলপৰ মাধ্যমেৰে গঠন কৰা হয়। ইয়াৰ একেবাৰে নিম্ন স্তৰত থাকে গাওঁ পঞ্চায়ত, মধ্য স্থানত থাকে আঞ্চলিক পঞ্চায়ত আৰু সৰ্বোচ্চ স্থানত থাকে জিলা পৰিষদ।
গাওঁ পঞ্চায়ত গঠন কৰা হয় দহ গৰাকী সদস্য আৰু এগৰাকী সভাপতিৰ দ্বাৰা। এই সদস্য সকল আৰু সভাপতি গৰাকী প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত হয়। আনহাতে গাওঁ পঞ্চায়তৰ এজন উপ সভাপতি থাকে, যি জনক দহ গৰাকী সদস্যৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়।
আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় গাওঁ পঞ্চায়ত সমূহৰ পৰা নিৰ্বাচিত হৈ অহা সদস্য সকল আৰু গাঁও পঞ্চায়ত সমূহৰ সভাপতি সকলৰ জৰিয়তে। সেই অনুসৰি প্ৰতিটো গাওঁ পঞ্চায়তৰ পৰা এজনকৈ সদস্যক প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। ইয়াৰোপৰি স্থানীয় সাংসদ আৰু বিধায়কো আঞ্চলিক পঞ্চায়তৰ সদস্য হয়। আঞ্চলিক পঞ্চায়তৰ এজন সভাপতি আৰু এজন উপ সভাপতি থাকে। এওঁলোকক প্ৰত্যক্ষভাৱে নিৰ্বাচিত হোৱা সদস্য সকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়।
জিলা পৰিষদ গঠন কৰা হয় একোখন জিলাক সামৰি লৈ। সেই অনুসৰি একোখন জিলাক কিছুমান সমষ্টিত ভাগ কৰি প্ৰতিটো সমষ্টিৰ পৰা এজনকৈ সদস্যক প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। আনহাতে জিলা পৰিষদৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়ত বোৰৰ সভাপতি সকল জিলা পৰিষদৰ সদস্য হয়। ইয়াৰোপৰি স্থানীয় সাংসদ আৰু বিধায়ক সকলো জিলা পৰিষদৰ সদস্য হয়। জিলা পৰিষদৰ এজন সভাপতি আৰু এজন উপ সভাপতি থাকে। তেওঁলোকক প্ৰত্যক্ষভাৱে নিৰ্বাচিত হোৱা সদস্য সকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়।

ওপৰৰ খিনি জানি ভাল লাগিল। একোখন পঞ্চায়তত কিমানটা পঞ্চায়ত সমষ্টি থাকে। জানিলে ভাল হয়।।
ReplyDelete