এমবেছী আৰু কনছুলেটৰ মাজত পাৰ্থক্য

Embassy বা এমবেছীৰ অসমীয়া প্ৰতিশব্দ হল দূতাবাস।
Consulate বা কনছুলেটৰ অসমীয়া প্ৰতিশব্দ হল বাণিজ্য দূতাবাস।
এমবেছী হৈছে স্থায়ী কূটনৈতিক কেন্দ্ৰ। ইয়াৰ প্ৰতিনিধিত্ব ব্যাপক।
কনছুলেট হৈছে স্বল্প পৰিসৰৰ প্ৰতিনিধিত্ব। ইয়াক কনিষ্ঠ দূতাবাস বুলিও কব পাৰি।
এখন দেশৰ অন্য এখন দেশত মাত্ৰ এটি এমবেছী বা দূতাবাস থাকে। 
এখন দেশৰ অন্য এখন দেশত একাধিক কনছুলেট বা বাণিজ্য দূতাবাস থাকিব পাৰে।
দূতাবাসবোৰ সাধাৰণতে ৰাজধানী চহৰবোৰত স্থাপন কৰা হয়।
বাণিজ্য দূতাবাসবোৰ ডাঙৰ তথা বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ চহৰবোৰত স্থাপন কৰা হয়।
দূতাবাসৰ মূল ব্যক্তিজনক ৰাষ্ট্ৰদূত বা Ambassador বুলি কোৱা হয়।
বাণিজ্য দূতাবাসৰ মূল ব্যক্তিজনক বাণিজ্যদূত বা Consul বুলি কোৱা হয়।
ৰাষ্ট্ৰদূত সকলে বিদেশত ব্যাপক ভূমিকা পালন কৰিব লাগে। তেওঁলোক বিদেশত নিজদেশৰ চৰকাৰৰ মুখপাত্ৰ।
বাণিজ্যদূত সকলৰ ভূমিকা তুলনামূলক ভাবে কম।
দূতাবাসে মূলত বিদেশী ৰাষ্ট্ৰখনৰ লগত থকা ৰাজনৈতিক আৰু কূটনৈতিক দিশবোৰ চোৱাচিতা কৰে। ইয়াৰোপৰি সেই ৰাষ্ট্ৰখনত বসবাস কৰা স্বদেশী নাগৰিকৰ কল্যাণৰ দিশটোও চোৱাচিতা কৰে।
বাণিজ্যিক দূতাবাসে প্ৰধানত সেই দেশৰ লগত থকা বাণিজ্যিক আৰু অৰ্থনৈতিক দিশবোৰ চোৱাচিতা কৰে। ইয়াৰোপৰি ভিছা, পাছপোৰ্ট, পৰ্যটন আদিৰ লগত জড়িত বিষয়বোৰো সামৰি লয়।
দূতাবাসে গুৰু কূটনৈতিক বিষয়বোৰ সম্পাদন কৰে।
বাণিজ্য দূতাবাসে লঘু কূটনৈতিক বিষয়বোৰ সম্পাদন কৰে।
দূতাবাসে নিজ দেশৰ চৰকাৰ আৰু বিদেশী ৰাষ্ট্ৰখনৰ চৰকাৰৰ মাজত বাৰ্তা আদান প্ৰদান কৰে।
বাণিজ্য দূতাবাস বিদেশী ৰাষ্ট্ৰখনত ভ্ৰমণ বা বসবাস কৰি থকা নিজ দেশৰ নাগৰিক সকলৰ প্ৰতিহে দায়বদ্ধ।
দূতাবাসে ইয়াৰ চৰকাৰখনক বিদেশী ৰাষ্ট্ৰখনত সংঘটিত হৈ থকা সকলো গুৰুত্বপূৰ্ণ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, সামৰিক আদি ঘটনাৰাজি সম্বন্ধে অৱগত কৰে।
বাণিজ্য দূতাবাসে গুৰুত্বপূৰ্ণ মৃত্যু, জন্ম, বিবাহ আদি বিষয়বোৰ অৱগত কৰে।
দূতাবাসবোৰ চুক্তি, সন্ধি, চৰকাৰী ভ্ৰমণসূচী আদি তৈয়াৰ কৰাত দায়বদ্ধ।
বাণিজ্য দূতাবাসবোৰ সেই দেশত অবস্থান কৰি থকা ইয়াৰ নাগৰিক সকলক সকলো নিৰাপত্তা সম্বন্ধীয় বিষয়বোৰ অৱগত কৰাবলৈ দায়বদ্ধ।
সাদৃশ্য
দূতাবাস আৰু বাণিজ্য দূতাবাসে বিদেশী ৰাষ্ট্ৰত নিজ দেশৰ চৰকাৰক প্ৰতিনিধিত্ব কৰে।
উভয়ে বিদেশী ৰাষ্ট্ৰখনত থকা নিজ দেশৰ নাগৰিকৰ কল্যাণৰ অৰ্থে কাম কৰে।
উভয়ে কূটনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Comments

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি