পাছপোৰ্ট আৰু ভিছাৰ মাজত পাৰ্থক্য

          আমি সততে শুনিবলৈ পোৱা দুটা শব্দ হ'ল পাছপোৰ্ট আৰু ভিছা। আমি জানোঁ যে বিদেশলৈ যাবলৈ হলে এই দুটা বস্তু নিতান্তই প্ৰয়োজনীয়। এই দুটা অবিহনে বিদেশলৈ যাবলৈ ওলালে আমি ৰঙা ঘৰৰ আলহী হব লাগিব। কিন্তু এই দুটাৰ মাজত পাৰ্থক্য কি বা ইয়াৰ মাজত সম্বন্ধ কি অথবা ইয়াৰ প্ৰকাৰ আৰু বৈশিষ্ট কি, সেই বিষয়ে আমি বহুতেই নাজানোঁ। আহক আজি এই দুটাৰ বিষয়ে কিছু কথা জানি লওঁ। 

          পাছপোৰ্টৰ অসমীয়া প্ৰতিশব্দ হৈছে পাৰপত্ৰ। ই হৈছে এখন পৰিচয় পত্ৰ। ইয়াৰ জৰিয়তে বিদেশ ভ্ৰমণৰত ব্যক্তি এজনৰ চিনাক্তকৰণ কৰা হয়। বিদেশত ভ্ৰমণৰত ব্যক্তি এজন কোন দেশৰ নাগৰিক সেই বিষয়ে পাৰপত্ৰৰ জৰিয়তে জানিব পাৰি। পাৰপত্ৰৰ উদ্দেশ্য হ'ল ব্যক্তিৰ পৰিচয় আৰু ৰাষ্ট্ৰীয়তা প্ৰত্যয়িত কৰা। পাৰপত্ৰত উল্লেখ থকা ব্যক্তিগত তথ্যবোৰ হ'ল - নাম, লিংগ, জন্মতাৰিখ আৰু জন্মস্থান। এখন দেশৰ চৰকাৰে বিদেশলৈ যাবলৈ বিচৰা নাগৰিক সকলক এই পাৰপত্ৰ প্ৰদান কৰে।
          পাছপোৰ্ট বা পাৰপত্ৰ বিভিন্ন প্ৰকাৰৰ আছে। তাৰে মাজৰ পৰা সঘনে ব্যৱহাৰ হোৱা পাৰপত্ৰবোৰ হ'ল:
          সাধাৰণ পাৰপত্ৰ: সাধাৰণ পাৰপত্ৰক পৰ্যটন পাৰপত্ৰ বুলিও কোৱা হয়। যিসকল নাগৰিকে বিদেশ ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰে, সেইসকল নাগৰিকক এনে পাৰপত্ৰ প্ৰদান কৰা হয়।
          চৰকাৰী পাৰপত্ৰ: চৰকাৰী পাৰপত্ৰক সেৱা পাৰপত্ৰ বুলিও কোৱা হয়। ইয়াক চৰকাৰী কৰ্মকৰ্তা সকলে ব্যৱহাৰ কৰে। চৰকাৰী পাৰপত্ৰবোৰ চৰকাৰী কামত ভ্ৰমণ কৰা কৰ্মচাৰী সকলক প্ৰদান কৰা হয়।
          কূটনৈতিক পাৰপত্ৰ: কূটনৈতিক পাৰপত্ৰবোৰ বাণিজ্যদূত অথবা কূটনীতিবিদ সকলক তেওঁলোকৰ কৰ্মৰ সৈতে জড়িত ভ্ৰমণৰ বাবে প্ৰদান কৰা হয়। যদিও তেওঁলোকে কূটনৈতিক কামত ভ্ৰমণ কৰে, তথাপি অন্যান্য নাগৰিকৰ দৰে তেওঁলোকৰ ক্ষেত্ৰতো ভিছাৰ প্ৰয়োজন হয়।
          অস্থায়ী পাৰপত্ৰ: অস্থায়ী পাৰপত্ৰক জৰুৰীকালীন পাৰপত্ৰ বুলিও কোৱা হয়। যিসকল লোকে বিদেশ ভ্ৰমণৰ সময়ত নিজৰ পাৰপত্ৰ হেৰুৱাই পেলায়, তেওঁলোকৰ কাৰণে এনে পাৰপত্ৰ জাৰি কৰা হয়। অতি কম সময়ৰ কাৰণেহে এনে পাৰপত্ৰৰ বৈধতা প্ৰদান কৰা হয়। পৰ্যটক এজনে নিজ দেশলৈ উভতি আহিবলৈ প্ৰয়োজন হোৱা সময়খিনিৰ বাবেহে এই পাৰপত্ৰ প্ৰদান কৰা হয়।
          পৰিয়াল পাৰপত্ৰ: পৰিয়াল পাৰপত্ৰ গোটেই পৰিয়ালৰ বাবে সমূহীয়াকৈ জাৰি কৰা হয়। ইয়াত পৰিয়ালৰ সদস্যসকলক বেলেগে বেলেগে পাৰপত্ৰ প্ৰদান কৰা নহয়, ইয়াত মাত্ৰ এগৰাকী ব্যক্তিহে পাৰপত্ৰৰ গৰাকী হয়।
          ভিছাৰ অসমীয়া প্ৰতিশব্দ হৈছে প্ৰৱেশ পত্ৰ। ই হৈছে এক চৰকাৰী অনুজ্ঞা। ইয়াৰ জৰিয়তে আমি নিৰ্দিষ্ট কোনো দেশত ভ্ৰমণ বা অৱস্থান কৰাৰ অনুমতি লাভ কৰোঁ। আমি যাবলৈ বিচৰা দেশখনৰ চৰকাৰী কৰ্মকৰ্তাই এই অনুজ্ঞা প্ৰদান কৰে। ভিছা সাধাৰণতে ভ্ৰমণকাৰীৰ পাৰপত্ৰত লগোৱা এটি মোহৰৰ আকাৰত হয় যদিও কেতিয়াবা বেলেগকৈ কাগজৰ নথি আকাৰেও হব পাৰে।
          বিভিন্ন প্ৰকাৰৰ ভিছা আছে যদিও তাৰে মাজৰ পৰা সঘনাই ব্যৱহাৰ হোৱা ভিছাবোৰ হল:
          পৰ্যটন ভিছা: এই ধৰণৰ ভিছা পৰ্যটন সম্বন্ধীয় ভ্ৰমণৰ কাৰণে প্ৰদান কৰা হয়।
          ট্ৰেনজিট ভিছা বা অতিক্রমণ ভিছা: এই ভিছা পাঁচ দিন বা তাতোকৈ কম সময়ৰ বাবে প্ৰদান কৰা হয়। কোনো এখন দেশলৈ যাওঁতে মাজত অন্য এখন দেশত কিছু সময় অৱস্থান কৰিব লগীয়া হলে এই ভিছা প্ৰদান কৰা হয়।
          ব্যৱসায়িক ভিছা: যিসকল ব্যৱসায়ীয়ে বাণিজ্যিক কাম কাজত অংশ লোৱাৰ উদ্দেশ্যে নিৰ্দিষ্ট কোনো দেশ ভ্ৰমণ কৰিব লগীয়া হয়, সেই সকল ব্যৱসায়ীক এনে ভিছা প্ৰদান কৰা হয়।
          অস্থায়ী কর্মী ভিছা: কোনো এখন দেশত অস্থায়ী ভাবে কাম কৰা কৰ্মী বা শ্ৰমিক সকলক এনে ভিছা প্ৰদান কৰা হয়।
          শিক্ষাৰ্থী ভিছা: যিসকল শিক্ষাৰ্থীয়ে বিদেশত পঢ়া-শুনা কৰে তেওঁলোকৰ কাৰণে শিক্ষাৰ্থী ভিছা প্ৰদান কৰা হয়।

Comments

Popular posts from this blog

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি