Posts

Showing posts from 2018

সংক্ষেপে পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল

Image
          সম্প্রতি দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধান সভা নিৰ্বাচনৰ ফলাফল খন এঘাৰ ডিচেম্বৰ তাৰিখে প্ৰকাশ কৰা হয়। এই নিৰ্বাচনক প্ৰতিটো দলেই আগন্তক লোকসভা নিৰ্বাচনৰ বাবে ছেমি ফাইনেল হিচাপে গণ্য কৰিছিল। বিশেষকৈ দেশৰ মূল দুটি ৰাষ্ট্ৰীয় দল - বিজেপি আৰু কংগ্ৰেছ উভয়েই ক্ষমতা লাভৰ বাবে সৰ্ব শক্তিৰে চেষ্টা চলাইছিল। কিন্তু নিৰ্বাচনৰ পিছত প্ৰকাশ পোৱা ফলাফলে বিজেপিৰ আশাত চেঁচা পানী ঢালি দিয়ে আৰু অস্তমিত হবলৈ ধৰা কংগ্ৰেছৰ মুখত হাঁহিৰ আভা বিৰিঙাই তোলে। এই নিৰ্বাচনত পাঁচখন ৰাজ্যৰ ভিতৰত কংগ্ৰেছে তিনিখন ৰাজ্যত ক্ষমতা দখল কৰিবলৈ সক্ষম হয়। আনহাতে বাকী দুখন ৰাজ্য দখল কৰে দুটা আঞ্চলিক দলে। এই নিৰ্বাচনত কোন ৰাজ্যত কোন দলে কিমান আসন লাভ কৰিলে তাৰ তথ্য এনে ধৰণৰ - মধ্য প্রদেশ: মুঠ আসন = 230 সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 116 কংগ্রেছ = 114 বিজেপি = 109 বিএছপি = 2 এছপি = 1 নিৰ্দলীয় = 4 ৰাজস্থান: মুঠ আসন = 199 সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন = 100 (আচলতে ৰাজস্থান বিধান সভাৰ মুঠ আসন 200 খন। কিন্তু নিৰ্বাচনৰ সময়ত এজন প্ৰাৰ্থীৰ মৃত্যু ঘটাত সেই আসনত নিৰ্বাচন স...

নিৰ্বাচনী প্ৰচাৰত অভিনৱ কৌশল

Image
          সম্প্ৰতি দেশৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ আছে। এই নিৰ্বাচনত বিভিন্ন দলৰ প্ৰাৰ্থীয়ে বিভিন্ন ধৰণেৰে ভোটাৰ সকলৰ মন জয় কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু তেলেংগনাৰ এজন নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰৰ ধৰণে কেইদিনমান ধৰি সামাজিক মাধ্যমত ব্যপক আলোচনাৰ সৃষ্টি কৰিছে। তেলেংগনাৰ কোৰাটলা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা এই প্ৰাৰ্থী গৰাকীৰ নাম হ'ল অকোলা হনুমন্ত। হনুমন্তই নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ভোটাৰ সকলৰ ঘৰলৈ গৈ বিভিন্ন ধৰণৰ উন্নয়ন মূলক কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ পিছত তেওঁ ভোটাৰ সকলৰ পৰা ভোট বিচাৰি এটাকৈ চেন্ডেল প্ৰদান কৰে আৰু কয় যে যদি তেওঁ নিৰ্বাচনত জিকাৰ পিছত প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰে তেনেহলে তেওঁলোকে যাতে তেওঁক এই চেন্ডেলৰ দ্বাৰাই প্ৰহাৰ কৰে, কাৰণ সেয়া তেওঁলোকৰ অধিকাৰ।           তেও প্ৰতিদ্বন্দিতা কৰা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াইছে শাসকীয় দল টি আৰ এছৰ শক্তিশালী প্ৰাৰ্থী কে বিদ্যাসাগৰ ৰাৱে। ৰাওক মোকাবিলা কৰিবলৈ তেওঁৰ এনে ধৰণৰ কৌশলে কেনেকুৱা ফল প্ৰদান কৰিব সেয়া সময়েহে কব। কিন্তু তেও...

পঞ্চায়ত প্ৰাৰ্থীয়ে জানিবলগীয়া কিছুমান সাধাৰণ জ্ঞান

Image
অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম: সৰ্বানন্দ সোনোৱাল অসমৰ ৰাজ্যপাল গৰাকীৰ নাম: জগদীশ মুখী ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নাম: নৰেন্দ্ৰ মোডী ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীৰ নাম: ৰামনাথ কোবিন্দ ভাৰতৰ উপ ৰাষ্ট্ৰপতি গৰাকীৰ নাম: ভেংকায়া নাইডু অসমৰ শিক্ষামন্ত্ৰী গৰাকীৰ নাম: সিদ্ধাৰ্থ ভট্টাচাৰ্য অসমৰ পঞ্চায়ত মন্ত্ৰী: নৱ কুমাৰ দলে অসমৰ নিৰ্বাচনী আয়ুক্ত: হৰেন্দ্ৰ নাথ বৰা AGP ৰ সম্পূৰ্ণ নাম: অসম গণ পৰিষদ BJP ৰ সম্পূৰ্ণ নাম: ভাৰতীয় জনতা পাৰ্টী UDF ৰ সম্পূৰ্ণ নাম: সংযুক্ত গণতান্ত্ৰিক মৰ্চা BJP ৰ ৰাজ্যিক সভাপতিৰ নাম: ৰঞ্জিত দাস BJP ৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম: অমিত শ্বাহ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ নাম: ৰিপুণ বৰা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম: ৰাহুল গান্ধী AGP ৰ সভাপতিৰ নাম: অতুল বৰা UDF ৰ সভাপতিৰ নাম: বদৰুদ্দিন আজমল অসমৰ ৰাজধানীৰ নাম: দিছপুৰ ভাৰতৰ ৰাজধানীৰ নাম: দিল্লী অসমৰ জাতীয় সংগীত: অ' মোৰ আপোনাৰ দেশ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত: জন গণ মন অসমৰ জাতীয় উৎসৱ: বিহু অসমৰ জিলা কেইখন: 33 খন কিমান চনত ভাৰত স্বাধীন হৈছিল? 1947 চনত স্বাধীনতা দিৱস কোন...

পঞ্চায়ত ব্যৱস্থাৰ গাঁথনি

Image
          73 তম সংবিধান সংশোধনীৰ জৰিয়তে গোটেই ভাৰতবৰ্ষতে এককধৰ্মী পঞ্চায়ত ব্যৱস্থাৰ প্ৰচলন কৰা হয়। সেই অনুসৰি এই স্থানীয় চৰকাৰ ব্যৱস্থাটো তিনিটা খলপৰ মাধ্যমেৰে গঠন কৰা হয়। ইয়াৰ একেবাৰে নিম্ন স্তৰত থাকে গাওঁ পঞ্চায়ত, মধ্য স্থানত থাকে আঞ্চলিক পঞ্চায়ত আৰু সৰ্বোচ্চ স্থানত থাকে জিলা পৰিষদ।           গাওঁ পঞ্চায়ত গঠন কৰা হয় দহ গৰাকী সদস্য আৰু এগৰাকী সভাপতিৰ দ্বাৰা। এই সদস্য সকল আৰু সভাপতি গৰাকী প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত হয়। আনহাতে গাওঁ পঞ্চায়তৰ এজন উপ সভাপতি থাকে, যি জনক দহ গৰাকী সদস্যৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়।           আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় গাওঁ পঞ্চায়ত সমূহৰ পৰা নিৰ্বাচিত হৈ অহা সদস্য সকল আৰু গাঁও পঞ্চায়ত সমূহৰ সভাপতি সকলৰ জৰিয়তে। সেই অনুসৰি প্ৰতিটো গাওঁ পঞ্চায়তৰ পৰা এজনকৈ সদস্যক প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। ইয়াৰোপৰি স্থানীয় সাংসদ আৰু বিধায়কো আঞ্চলিক পঞ্চায়তৰ সদস্য হয়। আঞ্চলিক পঞ্চায়তৰ এজন সভাপতি আৰু এজন উপ সভাপতি থাকে। এওঁলোকক প্ৰত্যক্ষভাৱে নিৰ্বাচিত হোৱা সদস্...

পঞ্চায়তৰ বিভিন্ন পদৰ প্ৰাৰ্থীৰ যোগ্যতা আৰু শিক্ষাগত অৰ্হতাসমূহ

Image
          2018 চনৰ পঞ্চায়ত নিৰ্বাচনখন অসমৰ নিৰ্বাচনী ইতিহাসত এক মাইলৰ খুটি হিচাপে চিহ্নিত হৈ ৰ'ব। এইবাৰৰ নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী সকলৰ কাৰণে কিছুমান যোগ্যতা আৰু অৰ্হতা নিৰ্ধাৰণ কৰি দিয়া হৈছে। অসম বিধান সভাত গৃহীত হোৱা সংশোধিত পঞ্চায়ত আইনত এই যোগ্যতা আৰু অৰ্হতা সমূহ সন্নিবিষ্ট কৰা হৈছে। কোনো এগৰাকী প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ হলে এই নতুনকৈ প্ৰৱৰ্তন কৰা মাপকাঠিত উত্তীৰ্ণ হব লাগিব।           এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ হলে বিভিন্ন পদৰ প্ৰাৰ্থীৰ বিভিন্ন স্তৰৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হব। সেই অনুসৰি গাওঁ পঞ্চায়তৰ সদস্য এগৰাকী কমেও ষষ্ঠ শ্ৰেণীত উত্তীৰ্ণ হোৱা হব লাগিব। আনহাতে যদি তেওঁ অনুসূচীত জাতি বা অনুসূচীত জনজাতি অথবা অন্যান্য পিছপৰা শ্ৰেণী বা অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী হয় তেনেহলে তেওঁৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহব।           তেনেদৰে গাওঁ পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চা...

কেনেকৈ গঠন কৰা হয় জিলা পৰিষদ?

Image
"অসম পঞ্চায়ত আইন 1994" অনুযায়ী জিলা পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছে। জিলা পৰিষদ হৈছে তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাৰ সৰ্বোচ্চ স্তৰত থকা গোট। একো একোখন জিলাক সামৰি লৈ একো একোটা জিলা পৰিষদ গঠন কৰা হয়। 1994 চনৰ আগত এই গোটবোৰ একো একোখন মহকুমাক ভিত্তি কৰি গঠন কৰা হৈছিল।           বিভিন্ন প্ৰকাৰৰ সদস্যৰে একোখন জিলা পৰিষদ গঠন কৰা হয়। এই সদস্য সকলৰ মাজত প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে নিৰ্বাচিত সদস্য থকাৰ উপৰিও মনোনীত সদস্যও থাকিব পাৰে। তলত উল্লেখ কৰা ধৰণে জিলা পৰিষদ গঠন কৰা হয়।           1. একোখন জিলাক কিছুমান সমষ্টিত ভাগ কৰা হয়। এই সমষ্টিবোৰৰ ভোটাৰৰ সংখ্যা হব লাগে কমেও চল্লিছ হাজাৰ জনকৈ। এই সমষ্টিবোৰৰ পৰা ৰাইজে এজনকৈ প্ৰতিনিধি প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰে।            2. জিলাখনৰ ভিতৰত থকা আঞ্চলিক পঞ্চায়তবোৰৰ সভাপতিসকল জিলা পৰিষদৰ সদস্য হয়।            3. গোটেই জিলা বা ইয়াৰ কোনো অংশক প্ৰতিনিধিত্ব কৰা লোকসভা আৰু ৰাজ্যিক বিধান সভাৰ সদস্য সকল জিলা পৰিষদৰ সদস্য হয়।    ...

কেনেকৈ গঠন কৰা হয় আঞ্চলিক  পঞ্চায়ত 

Image
          আঞ্চলিক পঞ্চায়ত হৈছে তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ মধ্যৱৰ্তী স্থানত থকা গোট। একো একোটা উন্নয়ন খণ্ডক লৈ একো একোখন আঞ্চলিক পঞ্চায়ত গঠন কৰা হয়। এখন আঞ্চলিক পঞ্চায়তৰ অধীনত বহু কেইখন গাওঁ পঞ্চায়ত থাকে। দেশৰ 73 তম সংবিধান সংশোধনী অনুযায়ী 1994 চনত গ্ৰহণ কৰা 'অসম পঞ্চায়ত আইন'ত আঞ্চলিক পঞ্চায়ত গঠনৰ বিধি সন্নিবিষ্ট কৰা হৈছে।            এখন আঞ্চলিক পঞ্চায়ত মূলতঃ তিনি প্ৰকাৰৰ সদস্যৰে গঠন কৰা হয়।            প্ৰথমতে, আঞ্চলিক পঞ্চায়তৰ অধীনত থকা প্ৰতিটো গাওঁ পঞ্চায়তক একো একোটা সমষ্টি হিচাপে ধৰি লোৱা হয়। সেই অনুসৰি ভোটাৰ সকলে প্ৰতিটো গাওঁ পঞ্চায়তৰ পৰা এগৰাকী ব্যক্তিক আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰে।            দ্বিতীয়তে, আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাওঁ পঞ্চায়তবোৰৰ সভাপতি সকল আঞ্চলিক পঞ্চায়তৰ সদস্য হয়।            তৃতীয়তে, আঞ্চলিক পঞ্চায়ত এলেকাক প্ৰতিনিধিত্ব কৰা লোকসভা আৰু বিধান সভাৰ ...

কেনেকৈ গঠন কৰা হয় গাওঁ পঞ্চায়ত?

Image
          গাওঁ পঞ্চায়তবোৰ হৈছে ভাৰতবৰ্ষৰ প্ৰতিনিধিত্বমূলক ৰাজনৈতিক ব্যৱস্থাৰ সকলোতকৈ ক্ষুদ্ৰতম আৰু তৃণমূল পৰ্যায়ৰ গোট। ইয়াৰ জৰিয়তে সমাজৰ অতি সাধাৰণ শ্ৰেণীৰ লোকসকলেও চৰকাৰৰ কাম কাজৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হব পাৰে। লগতে তেওঁলোকে নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে অনায়াসে সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে।            গাওঁ পঞ্চায়ত এখন গঠন কৰা হয় একোখন বৃহৎ গাওঁ নাইবা ওচৰা উচৰিকৈ থকা একাধিক সৰু গাঁওক সামৰি লৈ। গাওঁ পঞ্চায়ত গঠন কৰোঁতে লক্ষ্য ৰাখিব লাগে যাতে ইয়াৰ জনসংখ্যা ছয় হাজাৰতকৈ কম বা দহ হাজাৰতকৈ অধিক নহয়। এনেদৰে নিৰ্ধাৰণ কৰা অঞ্চল এখনক দহটা সমষ্টিত ভাগ কৰা হয়। এই সমষ্টিবোৰক ৱাৰ্ড বুলি জনা যায়।            গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰতিখন ৱাৰ্ডৰ ভোটাৰ সকলে নিজ নিজ ৱাৰ্ডৰ পৰা এগৰাকীকৈ সদস্য নিৰ্বাচিত কৰে। ইয়াৰোপৰি পঞ্চায়তৰ সভাপতি গৰাকীকো তেওঁলোকে প্ৰত্যক্ষ ভোটৰ জৰিয়তে নিৰ্বাচিত কৰে। আনহাতে পঞ্চায়তৰ এগৰাকী উপ সভাপতি থাকে, যি জনক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়। পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ পিছত জিলাৰ উপায...

এক নজৰত পঞ্চায়ত নিৰ্বাচন 2018

Image
          2018 চনৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে 5 নৱেম্বৰ তাৰিখে অধিসুচনা জাৰি কৰা হয়। এই নিৰ্বাচনখন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হব আৰু একে দিনাই ভোট গণনা কৰা হব। এই নিৰ্বাচনৰ লগত জড়িত বিভিন্ন তথ্যসমূহ তলত উল্লেখ কৰা হল।  মনোনয়ন দাখিলৰ অন্তিম তাৰিখ  প্ৰথম পৰ্যায় = 15 নৱেম্বৰ  দ্বিতীয় পৰ্যায় = 19 নৱেম্বৰ  মনোনয়ন পৰীক্ষা কৰাৰ তাৰিখ  প্ৰথম পৰ্যায় = 16 নৱেম্বৰ  দ্বিতীয় পৰ্যায় = 20 নৱেম্বৰ  মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ  প্ৰথম পৰ্যায় = 20 নৱেম্বৰ  দ্বিতীয় পৰ্যায় = 22 নৱেম্বৰ  ভোট গ্ৰহণৰ তাৰিখ  প্ৰথম পৰ্যায় = 5 ডিচেম্বৰ  দ্বিতীয় পৰ্যায় = 9 ডিচেম্বৰ  ভোট গণনা  12 ডিচেম্বৰ  নিৰ্বাচন অনুষ্ঠিত হব 26 খন জিলাত  প্ৰথম পৰ্যায় = 16 জিলা  দ্বিতীয় পৰ্যায় = 11 জিলা  প্ৰথম পৰ্যায়ৰ জিলাবোৰ  তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, ধেমাজি, শিৱসাগৰ, যোৰাহাট, মাজুলী, গোলাঘাট, নগাওঁ, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাওঁ, কামৰূপ...

পাছপোৰ্ট আৰু ভিছাৰ মাজত পাৰ্থক্য

Image
          আমি সততে শুনিবলৈ পোৱা দুটা শব্দ হ'ল পাছপোৰ্ট আৰু ভিছা। আমি জানোঁ যে বিদেশলৈ যাবলৈ হলে এই দুটা বস্তু নিতান্তই প্ৰয়োজনীয়। এই দুটা অবিহনে বিদেশলৈ যাবলৈ ওলালে আমি ৰঙা ঘৰৰ আলহী হব লাগিব। কিন্তু এই দুটাৰ মাজত পাৰ্থক্য কি বা ইয়াৰ মাজত সম্বন্ধ কি অথবা ইয়াৰ প্ৰকাৰ আৰু বৈশিষ্ট কি, সেই বিষয়ে আমি বহুতেই নাজানোঁ। আহক আজি এই দুটাৰ বিষয়ে কিছু কথা জানি লওঁ।            পাছপোৰ্টৰ অসমীয়া প্ৰতিশব্দ হৈছে পাৰপত্ৰ। ই হৈছে এখন পৰিচয় পত্ৰ। ইয়াৰ জৰিয়তে বিদেশ ভ্ৰমণৰত ব্যক্তি এজনৰ চিনাক্তকৰণ কৰা হয়। বিদেশত ভ্ৰমণৰত ব্যক্তি এজন কোন দেশৰ নাগৰিক সেই বিষয়ে পাৰপত্ৰৰ জৰিয়তে জানিব পাৰি। পাৰপত্ৰৰ উদ্দেশ্য হ'ল ব্যক্তিৰ পৰিচয় আৰু ৰাষ্ট্ৰীয়তা প্ৰত্যয়িত কৰা। পাৰপত্ৰত উল্লেখ থকা ব্যক্তিগত তথ্যবোৰ হ'ল - নাম, লিংগ, জন্মতাৰিখ আৰু জন্মস্থান। এখন দেশৰ চৰকাৰে বিদেশলৈ যাবলৈ বিচৰা নাগৰিক সকলক এই পাৰপত্ৰ প্ৰদান কৰে।           পাছপোৰ্ট বা পাৰপত্ৰ বিভিন্ন প্ৰকাৰৰ আছে। তাৰে...

এমবেছী আৰু কনছুলেটৰ মাজত পাৰ্থক্য

Image
Embassy বা এমবেছীৰ অসমীয়া প্ৰতিশব্দ হল দূতাবাস। Consulate বা কনছুলেটৰ অসমীয়া প্ৰতিশব্দ হল বাণিজ্য দূতাবাস। এমবেছী হৈছে স্থায়ী কূটনৈতিক কেন্দ্ৰ। ইয়াৰ প্ৰতিনিধিত্ব ব্যাপক। কনছুলেট হৈছে স্বল্প পৰিসৰৰ প্ৰতিনিধিত্ব। ইয়াক কনিষ্ঠ দূতাবাস বুলিও কব পাৰি। এখন দেশৰ অন্য এখন দেশত মাত্ৰ এটি এমবেছী বা দূতাবাস থাকে।  এখন দেশৰ অন্য এখন দেশত একাধিক কনছুলেট বা বাণিজ্য দূতাবাস থাকিব পাৰে। দূতাবাসবোৰ সাধাৰণতে ৰাজধানী চহৰবোৰত স্থাপন কৰা হয়। বাণিজ্য দূতাবাসবোৰ ডাঙৰ তথা বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ চহৰবোৰত স্থাপন কৰা হয়। দূতাবাসৰ মূল ব্যক্তিজনক ৰাষ্ট্ৰদূত বা Ambassador বুলি কোৱা হয়। বাণিজ্য দূতাবাসৰ মূল ব্যক্তিজনক বাণিজ্যদূত বা Consul বুলি কোৱা হয়। ৰাষ্ট্ৰদূত সকলে বিদেশত ব্যাপক ভূমিকা পালন কৰিব লাগে। তেওঁলোক বিদেশত নিজদেশৰ চৰকাৰৰ মুখপাত্ৰ। বাণিজ্যদূত সকলৰ ভূমিকা তুলনামূলক ভাবে কম। দূতাবাসে মূলত বিদেশী ৰাষ্ট্ৰখনৰ লগত থকা ৰাজনৈতিক আৰু কূটনৈতিক দিশবোৰ চোৱাচিতা কৰে। ইয়াৰোপৰি সেই ৰাষ্ট্ৰখনত বসবাস কৰা স্বদেশী নাগৰিকৰ কল্যাণৰ দিশটোও চোৱাচিতা কৰে। বাণিজ্যিক দূতাবাসে প্ৰধানত সেই দেশৰ ল...

আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত পাৰ্থক্য

Image
          আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত পাৰ্থক্য কি এই বিষয়ে আমাৰ মাজৰ বহুতৰেই সুস্পষ্ট ধাৰণা নাই। আমি বহুতেই আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক একে অৰ্থত ব্যৱহাৰ কৰোঁ। এই দুয়োটা শব্দৰ দ্বাৰাই আমি সাধাৰণতে এখন ৰাষ্ট্ৰক বুজি থাকোঁ। অথচ এই দুই শব্দৰ মাজত আছে আকাশ পাতাল প্ৰভেদ।            আমেৰিকা হল এক বিশাল অঞ্চলৰ নাম। পৃথিৱীৰ পশ্চিম গোলাৰ্ধত এই অঞ্চল অৱস্থিত। উত্তৰা-দক্ষিণাকৈ এই অঞ্চলৰ দৈৰ্ঘ্য চৈধ্য হাজাৰ কিলোমিটাৰ। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে এই অঞ্চলত অৱস্থিত এখন দেশৰ নাম।           আমেৰিকা অঞ্চলটো গঠিত হয় দুই খন মহাদেশক সামৰি। এই মহাদেশ দুখন হল- উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে উত্তৰ আমেৰিকা মহাদেশৰ অন্তৰ্গত পঞ্চাছখন অংগৰাজ্যৰে গঠিত এখন ৰাষ্ট্ৰ।           আমেৰিকাৰ আয়তন হৈছে 420.6 লাখ বৰ্গ কিলোমিটাৰ যি পৃথিৱীৰ মূঠ মাটিকালিৰ 28.4 শতাংশ আৰু ইয়াৰ জনসং...